UPSCয়ে দিয়া ত’ত্ত’-চ্চান
ফাগুন মাহ৷ এদিনৰ কথা৷ মুনিচুনি বেলিকা দিন ৰাতিৰ সন্ধিক্ষণ এটাত হঠাতে আমাৰ মুৰত UPSCৰ পৰীক্ষাত বহা পোক এটাই কিলবিলালে৷ এক মুহূৰ্তৰ বাবে আমি থমকি ৰ’লোঁ! হ’ল কি? আমি কি গ্ৰেগৰ চামচা? এয়া কি মেটামৰ্ফ’চিচ? পেটতো খুটিয়াই চালোঁ, নাইতো! ঠিকেই আছে৷ আধা ডজন ভৰি-হাতো গজি উঠা নাই৷ হাঁয় গডেশ্বৰাল্লাহ্! কি কৰে? ঠিক তেনেতে আমাৰ মানসিক অস্থিৰতাৰ সমান্তৰালকৈ এক অদ্ভুত সংগতি ৰাখি মন্দিৰত শংখ-ঘণ্টা-কাঁহ একেলগে বাজি উঠিল! ডাউক-শিয়ালে আৰাও তুলিলে৷ অৱধ আছাম নে নিৰ্বোধ আছাম বোলা ৰে’লখন দপদপাই পাৰ হৈ গান্ধীবস্তি এলেকাটো কঁপাই দিলে৷ এক সাংঘাতিক ঐক্যতান৷ নোহোৱা-নোপজা কাৰবাৰ! পৰিৱেশটো ক্ষন্তেকতে জয়াল জয়াল লাগি গ’ল৷ অহ্, পাহৰিছিলোঁ; ইয়াৰ ঠিক আগদিনা বিবেকদাই ঘৰ এৰি গৈছিল৷
তাৰ পাছত? তাৰ পাছৰখিনি তেনেই সাধাৰণ UPSC-চৰ্যা৷ বিবেকদাই ঘৰ এৰি যোৱাৰ পাছত, বে’ছ কিছুদিন আমি নিজকে ফিটফাট পোছাকত DMৰ চকীত কল্পনা কৰি বিস্তৰ লেখাপঢ়া কৰিলোঁ৷ ভাৰতীয় সংবিধান আৰু ৰাজনীতিৰ লাব্ৰা ভাজি খালোঁ৷ Current affairs পকাই পকাই চুৰত হুঁপিলো৷ স্কুলৰ বাকী সমনীয়া লুজাৰমখাৰ ফ’ন ধৰা বন্ধ কৰি দিলোঁ৷ আমোলা মানুহ, বেয়া দেখি! ব্যৱসায় কৰি দুপইচা ঘটি থকা দুটামানক ব্লক কৰা হৈ গ’ল৷ গাঁৱৰ ঘৰত জনাই দিলোঁ DM হৈহে ঘৰ যোৱা হ’ব, সেয়ে আন কাৰোবাক চাৰিবছৰৰ বাবে তুলি ল’ব লাগে৷
তাৰ পাছত? তাৰ পাছত ইতিমধ্যে মাওবাদীৰ এলেকাত আমাৰ পোষ্টিং হৈ গৈছে৷ ভাৰত ৰাষ্ট্ৰযন্ত্ৰই আমাৰ লাগাম টানকৈ ধৰিছে! দিন-ৰাত একাকাৰ কৰি মাওবাদ খতম কৰাত আমি বদ্ধপৰিকৰ৷ লাগামৰ টানত আমাৰ দুই কোৱাৰীত ঘা লাগিছে৷ আমি খাব পৰা নাই৷ হ’লেও আমি পলাব খোজা নাই৷ কিয়নো, আমাক ৰাষ্ট্ৰই আস্তাবল দিছে৷ টানিবলৈ দিছে গাড়ী৷ খাবলৈ ঘোঁৰাৰ ঘাঁহ! I was well trained, I was definite, I was focused, I was determined!
অউৰ, তব তক গোলামী জেহেন ম্যেঁ বছ্ চুকা থা৷
আঠাইশ দিনৰ পাছত এক ৰাতিত বিবেকদা ওলালহি বুঢ়া দুটা লৈ৷ ক’লে নামি আহ, নামি আহ৷ নিজৰ লেভেলত আহ৷ কথা পাতোঁ৷ বহুত কথা৷ আমাৰ চানা ভজা হৈ গ’ল৷ গাহৰি ৰেডী৷ টেবিলৰ সিপাৰে বিবেকদা আৰু এইপাৰে আমি৷ আমাৰ হাতত এটা বুঢ়াৰ প্ৰাণ যায় যায়! লাব্ৰা ভাজি আৰু Current affairsৰ ধোঁৱাৰ মাজত বিবেকদাই ঠেং-ঠুং মেলি ধেকধেকাই হাঁহি হাঁহি বুটমাহ চোবাইছে৷
দেৱালৰ টিভিত বাতৰি আহি আছে৷ আকবৰ আলীয়ে ধৰ্ষণ কৰিছে, কুদ্দুচ্চ আলীয়ে চুৰি৷ উচ্চেদিত এলেকাত কুলচুমা বেগমৰ পেটত পুলিচৰ গোৰ! ৰাকেশ পালৰ গোচৰৰ শুনানি স্থগিত৷ কেন্দ্ৰই লিংগাকৃতিত সাজিব টুইন টাৱাৰ! আল…বাল…৷ হঠাতে টিভিত কাৰোবাক আমাৰ মাতুলে ধমকিয়াই উঠিল - ঐ ডিচি এইফালে আহ! ঐ ডিচি কাণত ধৰ৷ ঐ ডিচি তই হাৰামজাদা৷ ঐ ডিচি টোৰ মাৰৰ মুৰটো তপা৷ ঐ ডিচি তেৰা বাপ চ্চুটিয়া হ্যেঁ! শুনি বিবেকদাৰ হাঁহি এখোপ চৰিছে৷ কাহিনীটো সময়ৰেখাত চেলুলয়ডৰ ৰীল ঘূৰাদি তৰিৎ গতিত ঘূৰিছে! আমালৈ ডেভিদ ক’পাৰফিল্ডৰ ফোন আহিছে৷ মেডনাই আমাৰ নামত পপ্ গাইছে! পল ৰবচন্ চাইকেল চলাই আহি আছে৷ হাজৰিকাই প্ৰশান্ত দাসকলৈ সমদল উলিয়াইছে৷ কবীৰ সুমনে গীটাৰ হাতত লৈছে৷ গুৱেভাৰাই আগবঢ়াই দিছে মোটা চিগাৰটো৷ ইতিমধ্যে আলিবাবা আৰু চল্লিশটা চোৰ ঘৰৰ বাহিৰত খাৰা৷ বিবেকদাই বিৰবিৰাইছে, খুল যা চিম্চিম্! খুল যা! খুল যা! কেৰেচ্কৈ শব্দ এটা কৰি বিবেকদাই দুৱাৰ খুলি ওলাই গুচি গ’ল৷ আধামৰা বুঢ়াটো লৈ আমি টেবুলৰ এইপাৰে৷ Current affairsৰ কাৰেণ্ট গুচি গ’ল৷ স্থিতি জড়তাই অৱলীলাক্ৰমে পাংখাখন স্থিৰ কৰি কোঠাটো নিমাওমাও কৰি পেলালে৷
চানা-মটৰৰ লগত কোন বোধিদ্ৰুমৰ গুটি চোবালোঁ নাজানো, হঠাতে আমি আমাৰ ঔকাত, আমোলাতন্ত্ৰৰ ভেল্কীবাজী, বহতীয়াপ্পা, চ্চুতিয়াপ্পা, এইট পাছ এমেলেৰ ঘৈণীয়েকৰ বজাৰ-সমাৰ-পেণ্টি-নাইটী-ব্ৰা, ৰাষ্ট্ৰযন্ত্ৰৰ সকলো অন্যায় অত্যাচাৰক সাংবিধানিক ৰূপ দি দি ফাপৰ চুটি যোৱা চেহেৰা, চেলা-চামুণ্ডাৰ ঠাঁৰত নচা নটুৱা নাচোন, য়েছ ছাৰ, হয় দেউতা- এই সকলোবোৰ এটা এটাকৈ বুজিবলৈ আৰম্ভ কৰিলোঁ৷ বিবেকদাই বাহিৰৰপৰা সুধিলে, চেলেক বনমালী খাইছেনে ৰজিতা?
তাৰপাছত? হাঁয় বিধাতা! কি কাণ্ড! এয়াচোন আমাৰ সমুখত লাইভ মেটামৰ্ফ’চিচ ঘটিব ধৰিছে? টেবিলত বুঢ়াৰ গাটো হঠাতে ৰূপান্তৰিত হৈ ৱেল্ছৰ অদৃশ্য মানুহটো হৈ পৰিছে৷ আৰু মানুহটো নগ্ন অৱস্থাত ধীৰে-ধীৰে দৃশ্যমান হ’বলৈ আৰম্ভ কৰিছে! কি আচৰিত, মানুহটোৱে মাজৰ আঙুলি এটা আমালৈ টোঁৱাই দাঁত নিকটাই হাঁহি আছে! বিচিত্ৰ কাৰবাৰ! অদ্ভুৎ ভোজবাজী! ধেৎ চাল্লা! ধতুৰাৰ গুটি কামাল কী চ্চীজ হ্যেঁ ভাইচাহাব…৷
উপসংহাৰঃ তাৰপাছত আমি বিচাৰ বিবেচনা কৰি গাহৰি-ভাতৰ হোটেল এটা খুলিলোঁ৷ এতিয়া মহিনা হিচাপত ভাল কামাই এটা আহে৷